অসম পেট্ৰ'কেমিকেল(APL) আৰু দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি
ক্ৰমান্বয়ে প্ৰগতিৰ পথত আগবাঢ়িছে অসমৰ উদ্যোগ খণ্ড । সময়ৰ সৈতে খোজ মিলাই, আত্মবিশ্বাস আৰু ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়ি গৈছে অসমৰ কোম্পানীসমূহ। সেই যাত্ৰাৰেই এক সবল সহযাত্ৰীৰূপে আত্মপ্ৰকাশ কৰিছে অসম পেট্ৰ’কেমিকেল(APL)-এ।
দেশৰ পশ্চিম প্ৰান্তৰ গুজৰাটৰ কাণ্ডলা বন্দৰ(দীনদয়াল বন্দৰ)ত ১২০০ কোটি টকাৰ বৃহৎ বিনিয়োগেৰে মিথানল উৎপাদনৰ ভেটী স্থাপন কৰাৰ লক্ষৰে কালি ডিব্ৰুগড়ত স্বাক্ষৰিত হ’ল এক ঐতিহাসিক বুজাবুজি চুক্তি।অসম পেট্ৰ’কেমিকেল(APL) আৰু দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ মাজত স্বাক্ষৰিত হয় এই বুজাবুজি চুক্তি।
এই সাফল্য অসমৰ আত্মগৌৰৱ, সম্ভাৱনা আৰু দেশৰ সেউজ ভৱিষ্যতৰ প্ৰতি এক দৃঢ় সংকল্পৰূপে পৰিগণিত হৈছে।
এই প্ৰকল্পৰ জৰিয়তে কাণ্ডলা বন্দৰত স্থাপন হ’ব দৈনিক ১৫০ টন উৎপাদন ক্ষমতাসম্পন্ন ই-মিথানল(e-methanol)প্ৰকল্প। সেউজ হাইড্ৰ’জেন আৰু পুনৰব্যৱহাৰযোগ্য কাৰ্বন ডাই-অক্সাইড ব্যৱহাৰ কৰি উৎপাদন কৰা এই মিথানল ভৱিষ্যতৰ সামুদ্ৰিক ঈন্ধন হিচাপে বিবেচিত হৈছে।
এই পদক্ষেপে সামুদ্ৰিক কাৰ্বনাইজেশ্যন ৰোধৰ দিশত ভাৰতৰ প্ৰচেষ্টাক অধিক গতিশীলতা প্ৰদান কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় জলপথত ভাৰতক এক গুৰুত্বপূৰ্ণ সেউজ সামুদ্ৰিক ঈন্ধন যোগানকাৰী হিচাপে প্ৰতিষ্ঠা কৰিব।
এই প্ৰকল্পত ১২০০ কোটি টকাৰ বিনিয়োগৰ ফলস্বৰূপে প্ৰায় ৩৫০০টা প্ৰত্যক্ষ আৰু পৰোক্ষ সংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ই একে সময়তে অৰ্থনৈতিক বিকাশ আৰু পৰিবেশ সংৰক্ষণৰ মাজত এক ভাৰসাম্য স্থাপন কৰাৰ প্ৰয়াস।
যদিও বৃহৎ বিনিয়োগৰ সৈতে প্ৰযুক্তিগত আৰু বজাৰভিত্তিক প্ৰত্যাহ্বান থকাটো স্বাভাৱিক, তথাপি এই উদ্যোগে অসমৰ কোম্পানীসমূহৰ ওপৰত দেশজুৰি আস্থা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
এই স্মৰণীয় মুহূৰ্তত উপস্থিত আছিল কেন্দ্ৰীয় বন্দৰ, জল পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু বিশিষ্ট ব্যক্তি।
এই ঐতিহাসিক চুক্তি সম্পৰ্কে সৰ্বানন্দ সোণোৱালে কয়, “এই অংশীদাৰিত্বই অসমৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি চিহ্নিত কৰিছে। ইয়াৰ জৰিয়তে অসম পেট্ৰ’-কেমিকেলছ লিমিটেড(APL)ৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰত সেউজ শক্তি উৎপাদনৰ যাত্ৰাত অৱদান আগবঢ়োৱাৰ পথ প্ৰশস্ত হৈছে।
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে সেউজ শক্তিৰ ত্বৰান্বিতকৰণত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। আমাৰ দেশক সামুদ্ৰিক ডিকাৰ্বনাইজেশ্যন আৰু বহনক্ষম শক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে জিলিকাই তোলাত বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে। এই প্ৰকল্পটোৱে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন মিছনৰ সৈতে সংগতি ৰাখি কাম কৰিব।“
আনহাতে,মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে কয়: “অসমৰ কোম্পানীসমূহে এতিয়া দেশজুৰি নিজৰ ডেউকা মেলিবলৈ আৰম্ভ কৰিছে৷ এক ঐতিহাসিক বুজাবুজি চুক্তিৰ জৰিয়তে অসম পেট্ৰ’কেমিকেল লিমিটেড (APL)-এ ১২০০ কোটি টকাৰ বিনিয়োগেৰে দীনদয়াল প’ৰ্টত মিথানল উৎপাদনৰ এক বুনিয়াদ স্থাপন কৰিবলৈ সক্ষম হৈছে৷ এই পদক্ষেপে সামুদ্ৰিক কাৰ্বনাইজেশ্যন ৰোধৰ দিশত হোৱা প্ৰচেষ্টাক অধিক গতিশীলতা প্ৰদান কৰিব।
এই গুৰুত্বপূৰ্ণ আৰু স্মৰণীয় মুহূৰ্তৰ সাক্ষী হৈ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীসৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সৈতে উপস্থিত থাকিবলৈ পাই আনন্দিত হ’লোঁ।”
এই বক্তব্যই স্পষ্ট কৰে যে এই প্ৰকল্প কেৱল অৰ্থনৈতিক নহয়, ই অসমৰ আত্মবিশ্বাসৰ প্ৰতীক।
এই উদ্যোগে অসমক কেৱল কেঁচা সামগ্ৰী উৎপাদক ৰাজ্য হিচাপে নহয়, বৰং সেউজ প্ৰযুক্তি আৰু উন্নত ঈন্ধন উৎপাদনৰ অংশীদাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। অসম পেট্ৰ’কেমিকেল(APL)ৰ পূৰ্বৰ অভিজ্ঞতাই এই প্ৰকল্পক অধিক শক্তিশালী গতি প্ৰদান কৰিব।
কিয়নো,ভাৰতৰ নেট জিৰ’ ২০৭০(Net Zero by 2070) লক্ষ্যৰ সৈতে ইয়াৰ সামঞ্জস্য থকাৰ লগতে ইয়াৰ ফলত আমদানিকৃত জীৱাশ্ম ঈন্ধন(fossil fuel)ৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব।
এই প্ৰকল্পৰ সফল ৰূপায়ণে কাণ্ডলা বন্দৰক আন্তঃৰাষ্ট্ৰীয় সেউজ জল পৰিবহন মানচিত্ৰত উজ্বল কৰি তুলিব। একে সময়তে ই অসমক দেশৰ ভিতৰতে শক্তি উৎপাদনৰ অন্যতম অংশীদাৰৰূপে গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰিব।
এই প্ৰবন্ধটো ৰাজহুৱা তথ্য, চৰকাৰী ঘোষণা আদিৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। তথ্যসমূহ সময়ৰ লগে লগে সলনি হ’ব পাৰে। পাঠকক নিজাকৈ পৰীক্ষা কৰি চাবলৈ অনুৰোধ জনোৱা হৈছে।
আজিৰ দিনটো অসমৰ লাখ লাখ ক্ৰিকেট অনুৰাগীৰ বাবে কেৱল এটা সাধাৰণ দিন নহয়, ই যেন…
সমাগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এইবাৰৰ কেন্দ্ৰীয় বাজেট(Union Budget 2026)-এ নতুন…
ভাৰতৰ আকাশত ন ইতিহাস!জম্মুৰ এটা সাধাৰণ পৰিয়ালৰ ছোৱালী কেপ্তেইন হংসজা শৰ্মা(Captain Hansja Sharma )ই ভাৰতীয়…
ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চ (World Economic Forum - WEF) ৰ বৈঠকত অসমৰ মুখ্যমন্ত্ৰী…
চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে সুখবৰ।যোৱা বৰ্ষৰ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভৰ সময়ৰপৰাই এটাৰ পাছত আন এটা অভিলেখ ভংগেৰে…
আজিৰ দিনটো প্ৰতিগৰাকী অসমীয়াৰ লগতে প্ৰতিজন ভাৰতীয়ৰ বাবে এক বিৰল আনন্দ আৰু গৌৰৱৰ দিন। নতুন…