অসম

দিল্লীৰ কৰ্তব্য পথত উজলিল আশাৰীকান্দিৰ টেৰাকোটা শিল্প : ভাৰতীয় সেনাৰ অপৰিসীম সাহস-শক্তিৰ অভূতপূৰ্ব প্ৰদৰ্শন

আজিৰ দিনটো প্ৰতিগৰাকী অসমীয়াৰ লগতে প্ৰতিজন ভাৰতীয়ৰ বাবে এক বিৰল আনন্দ আৰু গৌৰৱৰ দিন। নতুন দিল্লীৰ কৰ্তব্য পথত আজি অনুষ্ঠিত ৭৭ সংখ্যক গণৰাজ্য দিৱস(Republic Day)ৰ অনুষ্ঠানত যি মুহূৰ্তত হাজাৰ হাজাৰ লোকৰ সমুখেৰে অসমৰ প্ৰতীকপট(tableau)আগবাঢ়িছিল, তেতিয়া  কেৱল এটা প্ৰতীকপট যেন পাৰ হৈ যোৱা নাছিল, বৰঞ্চ সমগ্ৰ দেশবাসীৰ আগেৰে পাৰ হৈ গৈছিল অসমৰ মাটিৰ সুবাস আৰু শতিকা পুৰণি এক জীৱন্ত ইতিহাস।

ধুবুৰী জিলাৰ বিশ্ববিখ্যাত মৃৎশিল্পৰ কেন্দ্ৰ আশাৰীকান্দি গাঁৱৰ শিল্পীসকলে নিজৰ একাগ্ৰতা আৰু প্ৰতিভাৰে মৃৎশিল্পক প্ৰাণ দিয়াৰ সেই নিৰৱ সাধনা আজি দেশৰ সৰ্ববৃহৎ মঞ্চত জিলিকি উঠিল। থলুৱা শিল্পৰ এই জয়যাত্ৰাই প্ৰতিগৰাকী সাংস্কৃতিক কৰ্মীৰ মনতে এক নতুন আশাৰ সঞ্চাৰ কৰিছে।

আত্মনিৰ্ভৰশীলতা আৰু সামৰিক শক্তিৰ অনবদ্য যুগলবন্দী

আশাৰীকান্দিৰ টেৰাকোটা শিল্প

অসমৰ এইবাৰৰ প্ৰতীকপট ( tableau)আছিল মৃৎশিল্পৰ সৈতে জীয়াই থকা এদল শিল্পীৰ সৃজনীশীলতাৰ এক অনবদ্য নিদৰ্শন। প্ৰতীকপটৰ আগভাগত থকা বিশাল টেৰাকোটা মূৰ্তিটোৱে হাতত চাকি লৈ যেন সমাজলৈ এক নতুন পোহৰ আৰু সমৃদ্ধিৰ বাৰ্তাহে কঢ়িয়াই আনিছিল। আনহাতে, আজিৰ পেৰেডত ভাৰতীয় সামৰিক বাহিনীৰ অপৰিসীম সাহসৰ নিদৰ্শন ‘অপাৰেচন সিন্দূৰ’ৰ (Operation Sindoor) প্ৰতিচ্ছবিয়ে দেশপ্ৰেমৰ এক নতুন জোৱাৰ তোলে।

২০২৫ চনৰ ৭ মে’ত ভাৰতীয় স্থলসেনা, নৌসেনা আৰু বায়ুসেনাই যুটীয়াভাৱে চলোৱা এই অভিযান আছিল সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ এক বলিষ্ঠ প্ৰমাণ। পেহেলগামৰ বৈসাৰণ উপত্যকাত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰত চলোৱা এই অভিযানত এশৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছিল, যাৰ প্ৰতীকী প্ৰদৰ্শনে আজি কৰ্তব্য পথত পুনৰবাৰ কঠোৰভাবে সকীয়াই দিলে জ্ঞাত-অজ্ঞাত শত্ৰুক।

আজিৰ গণৰাজ্য দিৱস((Republic Day)ৰ পেৰেডত ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু সামৰিক দক্ষতাৰ এক অনন্য সংমিশ্ৰণ প্ৰতিফলিত হয়।। এই অনুষ্ঠানত ব্ৰহ্মোছ আৰু আকাশ ক্ষেপনাস্ত্ৰ, ৰকেট লঞ্চাৰ ‘সূৰ্যাস্ত্ৰ’ আৰু অৰ্জুন টেংকৰ দৰে শক্তিশালী অস্ত্ৰ-শস্ত্ৰই ভাৰতৰ সুৰক্ষা ব্যৱস্থাৰ সক্ষমতা বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰে। বিশেষকৈ ‘অপাৰেচন সিন্দূৰ’ত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰৰ প্ৰতিচ্ছবিয়ে ভাৰতৰ ক্ৰমবৰ্ধমান আত্মনিৰ্ভৰশীলতাক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

ALSO READ | ইণ্ডিয়ান অইল(IOCL)ত ৩৯৪ টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন আহ্বান: কেনেকৈ আবেদন কৰিব, প্ৰয়োজনীয় অৰ্হতা কি? জানো আহক সবিশেষ।

গণৰাজ্য দিৱসৰ অনুষ্ঠানত “ময়ূৰপঙ্খী নাও”

ভাৰতীয় সেনাৰ অপৰিসীম সাহস-শক্তিৰ অভূতপূৰ্ব প্ৰদৰ্শন

উল্লেখ্য যে, ৭৭ সংখ্যক গণৰাজ্য দিৱস(Republic Day)ৰ অসমৰ প্ৰতীকপট (tableau)ৰ আন এক আকৰ্ষণীয় দিশ আছিল সুন্দৰকৈ সজাই তোলা ‘ময়ূৰপঙ্খী নাও’খন। নাৱৰ ওপৰত শিল্পীসকলে একাগ্ৰতাৰে ভগৱানৰ মূৰ্তি নিৰ্মাণ কৰি থকাৰ দৃশ্যটো আছিল সঁচাকৈয়ে মন্ত্ৰমুগ্ধকৰ।

মেখেলা চাদৰ পিন্ধি অসমীয়া জীয়ৰীসকলে যেতিয়া মাটিৰ গৌৰৱ গানেৰে কৰ্তব্য পথত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছিল, তেতিয়া দিল্লীৰ আকাশতো যেন অসমীয়া সংস্কৃতিৰ ৰং বিয়পি পৰিছিল। এয়া কেৱল এক প্ৰতীকপট নাছিল, এয়া যেন আছিল আমাৰ থলুৱা শিল্পীসকলৰ বছৰ বছৰ ধৰি কৰি অহা একনিষ্ঠ সাধনা আৰু ভাৰতীয় সেনাৰ বীৰত্বৰ এক ঐতিহাসিক স্বীকৃতি।

ALSO READ |ভাৰতত মিউচুৱেল ফান্ডৰ প্রতি সজাগতা বঢ়াৰ সমানুপাতে বাঢ়িছেনে বিনিয়োগ ? Sebi Survey 2025 ৰ প্ৰতিবেদনে উদঙাইছে কেতবোৰ গুৰুত্বপূৰ্ণ দিশ

Disclaimer:

এই প্ৰতিবেদন আজি নতুন দিল্লীত অনুষ্ঠিত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ অনুষ্ঠান, সামৰিক অভিযানৰ তথ্য আৰু চৰকাৰী সংবাদ মাধ্যমৰ খবৰৰ ওপৰত ভিত্তি কৰি যুগুত কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে পাঠকক দেশৰ সামৰিক শক্তি আৰু অসমৰ গৌৰৱময় সংস্কৃতিৰ বিষয়ে অৱগত কৰা।

 

ড° বিদ্যুৎ বৰুণ শৰ্মা

Recent Posts

টি-২০ বিশ্বকাপ ২০২৬: সুযোগৰ অপেক্ষাত Riyan Parag ? আজিৰ ৱাৰ্ম-আপ মেচে ভাগ্য সলনি কৰিব নেকি অসম সন্তানৰ?

আজিৰ দিনটো অসমৰ লাখ লাখ ক্ৰিকেট অনুৰাগীৰ বাবে কেৱল এটা সাধাৰণ দিন নহয়, ই যেন…

2 months ago

কেন্দ্ৰীয় বাজেট(Union Budget 2026):পূৰ্বোত্তৰলৈ আশাৰ বতৰা

সমাগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এইবাৰৰ কেন্দ্ৰীয় বাজেট(Union Budget 2026)-এ নতুন…

2 months ago

অসম পেট্ৰ’কেমিকেল(APL) আৰু দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ মাজত ঐতিহাসিক বুজাবুজি চুক্তি

ক্ৰমান্বয়ে প্ৰগতিৰ পথত আগবাঢ়িছে অসমৰ উদ্যোগ খণ্ড । সময়ৰ সৈতে খোজ মিলাই, আত্মবিশ্বাস আৰু ইতিবাচক…

2 months ago

আকাশত নতুন ইতিহাস: ৰুদ্ৰ যুদ্ধবিমান উৰুওৱা প্ৰথমগৰাকী মহিলা পাইলট কেপ্তেইন হংসজা শৰ্মা(Captain Hansja Sharma)

ভাৰতৰ আকাশত ন ইতিহাস!জম্মুৰ এটা সাধাৰণ পৰিয়ালৰ ছোৱালী কেপ্তেইন হংসজা শৰ্মা(Captain Hansja Sharma )ই ভাৰতীয়…

2 months ago

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডাভ’ছ ভ্ৰমণ: বিশ্ব অৰ্থনীতিৰ মানচিত্ৰত অসমক প্ৰতিষ্ঠা কৰাৰ এক কৌশলগত প্রয়াস

ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চ (World Economic Forum - WEF) ৰ বৈঠকত অসমৰ মুখ্যমন্ত্ৰী…

2 months ago

সুখবৰ! অচিৰেই নেটফ্লিক্স(Netflix)ত চোৱাৰ সুযোগ পাব Dhurandhar

চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে সুখবৰ।যোৱা বৰ্ষৰ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভৰ সময়ৰপৰাই এটাৰ পাছত আন এটা অভিলেখ ভংগেৰে…

2 months ago