ক্রীড়া

টি-২০ বিশ্বকাপ ২০২৬: সুযোগৰ অপেক্ষাত Riyan Parag ? আজিৰ ৱাৰ্ম-আপ মেচে ভাগ্য সলনি কৰিব নেকি অসম সন্তানৰ?

আজিৰ দিনটো অসমৰ লাখ লাখ ক্ৰিকেট অনুৰাগীৰ বাবে কেৱল এটা সাধাৰণ দিন নহয়, ই যেন এক অধীৰ প্ৰতীক্ষাৰ অন্ত পেলাব পৰা মাহেন্দ্ৰক্ষণ। আজি ৰিয়ান পৰাগ(Riyan Parag) সন্নিৱিষ্ট ইণ্ডিয়া এ দলৰ  ৱাৰ্ম-আপ মেচ আৰম্ভ হোৱাৰ লগে লগে প্ৰতিজন অসমীয়াৰ হৃদস্পন্দন বাঢ়ি যাব । কিয়নো এই ৱাৰ্ম-আপ মেচকেইখনে বহুখিনি নিৰ্ণয় কৰিব  আই পি এলকে ধৰি বিভিন্ন টু্ৰ্ণামেণ্টত ইতিমধ্যে প্ৰতিভাৰ পৰিচয় দিয়া ৰিয়ান পৰাগ(Riyan Parag)ৰ ভাগ্য।

উল্লেখ্য যে, আইচিচি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬(T20 World Cup 2026)ৰ ৰণশিঙা ইতিমধ্যে বাজি উঠিছে আৰু আজি ২ ফেব্ৰুৱাৰীৰপৰাই আৰম্ভ হ’ব ইয়াৰ গুৰুত্বপূৰ্ণ ৱাৰ্ম-আপ পৰ্ব। এতিয়া প্ৰশ্ন হয়, ইণ্ডিয়া-এ দলৰ হৈ খেলিবলগীয়া এই মেচকেইখনে ৰিয়ানৰ বাবে বিশ্বকাপৰ বন্ধ দুৱাৰখন খুলিব পাৰিবনে?

ৰিয়ান পৰাগ(Riyan Parag)ৰ  অগ্নিপৰীক্ষা ?

বিশ্বকাপৰ ৱাৰ্ম-আপ মেচত ৰিয়ান পৰাগৰ প্ৰদৰ্শনে সলনি কৰিব পাৰে তেওঁৰ ভাগ্য

আজিৰপৰা ৬ ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া এই ৱাৰ্ম-আপ মেচসমূহৰ গুৰুত্ব অপৰিসীম। টি-২০ বিশ্বকাপ ২০২৬(T20 World Cup 2026)ৰ বাবে ভাৰতীয় মূল দলটো প্ৰস্তুত যদিও নিৰ্বাচকসকলৰ চকু এতিয়াও ইণ্ডিয়া-এ দলৰ ওপৰত নিবদ্ধ । বিশেষকৈ মিডল অৰ্ডাৰত এজন নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰৰ প্ৰয়োজন যিকোনো সময়তে হ’ব পাৰে।

আনহাতে, ৱাশ্বিংটন সুন্দৰে আঘাতৰ বাবে মূৰকত দলত ঠাই নাপালে তেওঁৰ ঠাইত অন্য এজন নিৰ্ভৰযোগ্য খেলুৱৈৰ প্ৰয়োজন হ’ব। তেনে স্থলত আজি নবী মুম্বাইত আমেৰিকাৰ বিৰুদ্ধে আৰু পৰৱৰ্তী সময়ত নামিবিয়াৰ বিৰুদ্ধে খেলিবলগীয়া মেচকেইখনেই হ’ব পাৰে ৰিয়ানৰ বাবে প্ৰমাণপত্ৰস্বৰূপ।

যদি ৰিয়ানে বেটে-বলে নিজৰ যাদু দেখুৱাব পাৰে, তেন্তে নিৰ্বাচকসকলে তেওঁক ‘ষ্টেণ্ড-বাই’ বা মূল দলৰ বিকল্প হিচাপে লৈ বাছনি কৰাৰ কথা চিন্তা কৰিবলৈ বাধ্য হ’ব।

ALSO READ |অসম পেট্ৰ’কেমিকেল(APL) আৰু দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ মাজত ঐতিহাসিক বুজাবুজি চুক্তি

ৰিয়ান(Riyan Parag)ৰ প্ৰত্যাহ্বানো হিমালয় সদৃশ

আমি সকলোৱে জানো যে ভাৰতীয় ক্ৰিকেট দলত স্থান পোৱাটো কিমান কঠিন। ৱাশ্বিংটন সুন্দৰৰ বিকল্প হ’বলৈ হ’লে তিলক বাৰ্মা বা আয়ুষ বাদোণীৰ দৰে প্ৰতিভাৱান খেলুৱৈৰ মাজত ৰিয়ানে নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিব লাগিব। বহু দিন ধৰি মূল টি-২০ দলৰ বাহিৰত থকাৰ বাবে ৰিয়ানৰ ওপৰত এক মানসিক চাপো আছে। কিন্তু এজন প্ৰকৃত খেলুৱৈ চাপৰ মাজতেই উজলি উঠে নিজ প্ৰতিভাৰে।

ৱাশ্বিংটন সুন্দৰৰ ফিটনেছক লৈ চলি থকা গুণগুণনিৰ মাজত ৰিয়ানৰ দৰে এজন ‘থ্ৰী-ডাইমেনচনেল’ খেলুৱৈ (বেটিং, বলিং আৰু ফিল্ডিং) ভাৰতৰ বাবে এক শক্তিশালী সম্পদ হ’ব পাৰে। কিন্তু ইয়াৰ বাবে আজিৰ পৰা আৰম্ভ হোৱা মেচসমূহত ৰিয়ানে কেৱল ভাল খেলিলেই নহ’ব, বৰঞ্চ খেল জিকাব পৰা প্ৰদৰ্শন কৰিব লাগিব।

ALSO READ |স্মৃতি মান্ধানাৰ বিয়া ভগাৰ প্ৰকৃত কাৰণ ? পলাস মুচ্ছালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগে সৃষ্টি কৰিছে চাঞ্চল্য

আৱেগ আৰু বাস্তৱৰ দোমোজাত অসম সন্তান

আৱেগ আৰু বাস্তৱৰ দোমোজাত অসম সন্তান

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে ৰিয়ান পৰাগ(Riyan Parag) কেৱল এজন খেলুৱৈ নহয়, তেওঁ আমাৰ প্ৰতিনিধি। তেওঁৰ সফলতাৰ লগত জড়িত হৈ আছে আমাৰ গৌৰৱ। যদিও বাস্তৱ কঠিন আৰু কেৱল দুখন মেচৰ ওপৰত ভিত্তি কৰি বিশ্বকাপৰ দলত স্থান পোৱাটো অসম্ভৱ যেন লাগে, তথাপি ক্ৰিকেটত ‘অসম্ভৱ’ বুলি একো শব্দ নাই।

আজিৰ মেচখনত ৰিয়ানৰ বেটৰপৰা ওলোৱা প্ৰতিটো ৰাণ আৰু তেওঁৰ স্পিনত পৰা প্ৰতিটো উইকেটে হয়তো তেওঁক ঈপ্সিত লক্ষ্যৰ কাষ চপাই লৈ যাব। এয়া ৰিয়ানৰ বাবে কেৱল এখন মেচ নহয়, এয়া নিজৰ পৰিচয় পুনৰ উদ্ধাৰ কৰাৰ যুঁজ।

ALSO READ |ইণ্ডিয়ান অইল(IOCL)ত ৩৯৪ টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন আহ্বান: কেনেকৈ আবেদন কৰিব, প্ৰয়োজনীয় অৰ্হতা কি? জানো আহক সবিশেষ।

ভাগ্য এতিয়া নিজৰ হাতত

এতিয়া যেন সুযোগ আৰু সংকট,দুয়োৰে মাজত থিয় হৈ আছে ৰিয়ান পৰাগ(Riyan Parag)। আজিৰ দিনটোৱে হয়তো তেওঁৰ কেৰিয়াৰৰ গতিপথ সলাই দিব। আমি আশা কৰিম যে ৰিয়ানে এই সুযোগৰ সদব্যৱহাৰ কৰক আৰু টি-২০ বিশ্বকাপ ২০২৬(T20 World Cup 2026)ৰ মূল মঞ্চত জিলিকি উঠক। সমগ্ৰ অসমৰ এতিয়া যেন এয়াই কামনা।

Disclaimer:

এই বাতৰিটো খেলৰ প্ৰকাশিত সূচী আৰু সাম্প্ৰতিক পৰিস্থিতিৰ আধাৰত প্ৰস্তুত কৰা হৈছে। দল নিৰ্বাচন সম্পৰ্কীয় চূড়ান্ত সিদ্ধান্ত বিচিচিআই (BCCI) আৰু নিৰ্বাচকসকলে গ্ৰহন কৰিব।

ড° বিদ্যুৎ বৰুণ শৰ্মা

Share
Published by
ড° বিদ্যুৎ বৰুণ শৰ্মা

Recent Posts

কেন্দ্ৰীয় বাজেট(Union Budget 2026):পূৰ্বোত্তৰলৈ আশাৰ বতৰা

সমাগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এইবাৰৰ কেন্দ্ৰীয় বাজেট(Union Budget 2026)-এ নতুন…

2 months ago

অসম পেট্ৰ’কেমিকেল(APL) আৰু দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ মাজত ঐতিহাসিক বুজাবুজি চুক্তি

ক্ৰমান্বয়ে প্ৰগতিৰ পথত আগবাঢ়িছে অসমৰ উদ্যোগ খণ্ড । সময়ৰ সৈতে খোজ মিলাই, আত্মবিশ্বাস আৰু ইতিবাচক…

2 months ago

আকাশত নতুন ইতিহাস: ৰুদ্ৰ যুদ্ধবিমান উৰুওৱা প্ৰথমগৰাকী মহিলা পাইলট কেপ্তেইন হংসজা শৰ্মা(Captain Hansja Sharma)

ভাৰতৰ আকাশত ন ইতিহাস!জম্মুৰ এটা সাধাৰণ পৰিয়ালৰ ছোৱালী কেপ্তেইন হংসজা শৰ্মা(Captain Hansja Sharma )ই ভাৰতীয়…

2 months ago

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডাভ’ছ ভ্ৰমণ: বিশ্ব অৰ্থনীতিৰ মানচিত্ৰত অসমক প্ৰতিষ্ঠা কৰাৰ এক কৌশলগত প্রয়াস

ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চ (World Economic Forum - WEF) ৰ বৈঠকত অসমৰ মুখ্যমন্ত্ৰী…

2 months ago

সুখবৰ! অচিৰেই নেটফ্লিক্স(Netflix)ত চোৱাৰ সুযোগ পাব Dhurandhar

চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে সুখবৰ।যোৱা বৰ্ষৰ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভৰ সময়ৰপৰাই এটাৰ পাছত আন এটা অভিলেখ ভংগেৰে…

2 months ago

দিল্লীৰ কৰ্তব্য পথত উজলিল আশাৰীকান্দিৰ টেৰাকোটা শিল্প : ভাৰতীয় সেনাৰ অপৰিসীম সাহস-শক্তিৰ অভূতপূৰ্ব প্ৰদৰ্শন

আজিৰ দিনটো প্ৰতিগৰাকী অসমীয়াৰ লগতে প্ৰতিজন ভাৰতীয়ৰ বাবে এক বিৰল আনন্দ আৰু গৌৰৱৰ দিন। নতুন…

2 months ago