অর্থনীতি-বাণিজ্য

ভাৰতত মিউচুৱেল ফান্ডৰ প্রতি সজাগতা বঢ়াৰ সমানুপাতে বাঢ়িছেনে বিনিয়োগ? Sebi Survey 2025 ৰ প্ৰতিবেদনে উদঙাইছে কেতবোৰ গুৰুত্বপূৰ্ণ দিশ

সম্প্রতি আমাৰ দেশত  মফচলৰ পৰা মহানগৰলৈকে সঘনাই শুনা এটা  শব্দ হৈছে Investment  বা বিনিয়োগ। ইন্টাৰনেটৰ প্রসাৰ আৰু  স্মার্টফোনৰ বহুল  ব্যবহাৰে শ্বেয়াৰ বজাৰৰ জটিল কথাবোৰ  যেন ক্ৰমান্বয়ে অতি সহজ কৰি তুলিছে । কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা Sebi Survey 2025 ৰ প্ৰতিবেদনে উদঙাইছে কেতবোৰ গুৰুত্বপূৰ্ণ দিশ।

এসময়ত ভাৰতীয়সকলৰ বাবে সঞ্চয় মানেই আছিল সোণ বা বেংকৰ ফিক্সড ডিপ’জিট। যোৱা এটা দশকত এই ধাৰণা সলনি কৰিবলৈ চৰকাৰ আৰু ছেবিয়ে (SEBI) নিৰন্তৰ চেষ্টা চলাইছে। ডিজিটেল লেনদেন আৰু সহজ KYC প্ৰক্ৰিয়াই আমাক ক্রমান্বয়ে বজাৰৰ ওচৰ চপাই আনিছে। কিন্তু আমি সঁচাকৈয়ে  আমাৰ কষ্টোপাৰ্জিত ধন বিনিয়োগ কৰিবলৈ সাহস কৰিছোঁনে? নে কেৱল বিজ্ঞাপনতে  সীমাবদ্ধ হৈ আছে আমাৰ বিনিয়োগৰ জ্ঞান ?

কি আছে Sebi Survey 2025 ৰ প্ৰতিবেদনত

কি আছে Sebi Survey 2025ৰ প্ৰতিবেদনত

ছেবিৰ শেহতীয়া জৰীপ অনুসৰি ভাৰতৰ প্ৰায় ২১.৩ কোটি পৰিয়ালেহে  বজাৰত বিনিয়োগৰ দুই-এক ব্যৱস্থাৰ  বিষয়ে জানে। অৰ্থাৎ আমাৰ দেশৰ প্ৰায় ৬৩ শতাংশ  পৰিয়ালহে ছিকিউৰিটিজ (Securities) প্ৰডাক্টৰ বিষয়ে অৱগত। ইয়াৰ ভিতৰত মিউচুৱেল ফাণ্ড আৰু ইটিএফ (ETF) আটাইতকৈ জনপ্ৰিয়। প্ৰায় ৫৩ শতাংশ লোকে এইবোৰৰ নাম শুনিছে  যদিও তেওঁলোকৰ কিমান সংখ্যকে প্ৰকৃততে নিজৰ ধন বিনিয়োগ কৰিছে সেইটোহে ডাঙৰ কথা ।

বজাৰৰ আয়তন  বাঢ়িছে যদিও অংশগ্ৰহণ সীমিত

বিগত সময়ছোৱাত ভাৰতীয় শ্বেয়াৰ বজাৰৰ আয়তন কল্পনা কৰিব নোৱাৰাকৈ বাঢ়িছে। ২০১৫ চনত  বম্বে ষ্টক এক্সচেঞ্জ (BSE)ৰ ইকুইটি মার্কেট কেপিটেলাইজেশ্যন আছিল মাত্ৰ ১০১ লাখ কোটি টকা। ২০২৫ চনৰ অক্টোবৰত সেয়া বৃদ্ধি পাই হৈছেগৈ প্ৰায় ৪,৭০১ লাখ কোটি টকা। মিউচুৱেল ফাণ্ডৰ সম্পত্তিৰ পৰিমাণো (Asset Under Management) ১২ লাখ কোটিৰ পৰা ৭৯ লাখ কোটি টকা হৈছেগৈ।

কিন্তু এই বৃহৎ বজাৰখনত এতিয়াও সাধাৰণ ভাৰতীয়ৰ অংশগ্ৰহণৰ হাৰ অতি নগণ্য। জৰীপত প্ৰকাশ পোৱামতে দেশৰ মুঠ ৩৩.৭২ কোটি পৰিয়ালৰ ভিতৰত মাত্ৰ ৩.২১ কোটি পৰিয়ালেহে বাস্তৱিকতে শ্বেয়াৰ বজাৰত টকা লগাইছে। এই হাৰ মাত্ৰ ৯.৫ শতাংশ। অৰ্থাৎ আমি এতিয়াও এটা বৃহৎ অংশক বিত্তীয় বজাৰৰ মূল সূঁতিৰ সৈতে সংযোগ কৰিব পৰা নাই।

ALSO READমুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডাভ’ছ ভ্ৰমণ: বিশ্ব অৰ্থনীতিৰ মানচিত্ৰত অসমক প্ৰতিষ্ঠা কৰাৰ এক কৌশলগত প্রয়াস ।

চহৰ আৰু গাঁৱৰ মাজৰ ব্যৱধান

বিনিয়োগ(Investment)ৰ ক্ষেত্ৰত চহৰ আৰু গাঁৱৰ  মাজৰ বৃহৎ ব্যৱধান এতিয়াও অতি স্পষ্ট। দেশৰ শীৰ্ষ ৯খন মহানগৰত য’ত ১৮ শতাংশ পৰিয়ালে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰে, গাঁও অঞ্চলত এই হাৰ মাত্ৰ ৪ শতাংশ। ইয়াৰ পৰা বুজা যায় যে গ্ৰাম্য ভাৰতত এতিয়াও  বজাৰৰ প্ৰতি অহেতুক ভয়-শংকা আছে। তেওঁলোকৰ ধাৰণামতে পৰম্পৰাগত সঞ্চয় পদ্ধতিয়েই আটাইতকৈ নিৰাপদ।

প্ৰায় ৭৪ শতাংশ বিনিয়োগকাৰীয়েই এতিয়াও কম ক্ষতি-শংকা(Risk) থকা আঁচনি বিচাৰে। অধিক ক্ষতি-শংকা বা হাই-ৰিস্ক লৈ বেছি লাভ কৰিব বিচৰা লোকৰ সংখ্যা মাত্ৰ ৯ শতাংশ।

বিশ্বাসৰ অভাৱ নে সচেতনতাৰ সীমাবদ্ধতা?

সজাগতা বঢ়াৰ সমানুপাতে বাঢ়িছেনে বিনিয়োগ?

ছেবিয়ে এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছে যে বজাৰৰ জ্ঞান থাকিলেও ব্যৱস্থাটোৰ প্ৰতি ৰাইজৰ বিশ্বাস কম।  নামবোৰ আমাৰ চিনাকি, টিভিত বিজ্ঞাপনো দেখো, কিন্তু বজাৰৰ উঠা-নমা কেনেকৈ হয় আৰু ইয়াৰ পৰা দীৰ্ঘদিনত কেনেকৈ লাভৱান হ’ব পাৰি, সেই বিষয়ে আমাৰ আত্মবিশ্বাসৰ অভাৱ।

ALSO READ।কেন্দ্ৰীয় বাজেট(Union Budget 2026):পূৰ্বোত্তৰলৈ আশাৰ বতৰা

আশাৰ ৰেঙণি

যদিহে বিনিয়োগ(Investment)ৰ সঠিক আৰু সৰল পদ্ধতি আৰু সুৰক্ষাৰ বিষয়ে সঠিককৈ বুজাব পৰা যায়, তেন্তে ভাৰতৰ অৰ্থনীতি আৰু অধিক শক্তিশালী হোৱাটো নিশ্চিত। আগন্তুক দিনবোৰত যদি নীতিনিৰ্ধাৰক আৰু উপদেষ্টাসকলে গাঁৱে-ভূঞে সোমাই মানুহৰ মনৰ পৰা এই ভয় আঁতৰাব পাৰে, তেন্তে ভাৰতৰ প্ৰতিখন ঘৰৰ পৰা একোজন সফল বিনিয়োগকাৰী ওলাই অহাটো নিশ্চিত।

সদৌ শেষত ক’ব পাৰি-সুযোগ আমাৰ হাততেই আছে, কেৱল অলপ সাহস আৰু সম্যক জ্ঞানৰ প্ৰয়োজন।

Disclaimer:

এই প্ৰবন্ধটো কেৱল তথ্য আৰু সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে লিখা হৈছে। শ্বেয়াৰ বজাৰ বা মিউচুৱেল ফাণ্ডত বিনিয়োগ বজাৰৰ শংকা অথবা ক্ষতিৰ (Risk) সৈতে জড়িত।বিনিয়োগ কৰাৰ পূৰ্বে সদায় এগৰাকী পঞ্জীয়নভুক্ত বিত্তীয় উপদেষ্টাৰ পৰামৰ্শ গ্ৰহণ কৰক। আমাৰ ৱেবছাইটে কোনো ধৰণৰ বিনিয়োগৰ গেৰাণ্টি বা নিৰ্দেশনা প্ৰদান নকৰে

This article is for informational purposes only and does not constitute financial or investment advice. Readers are advised to consult certified financial advisors before making any investment decisions.

ড° বিদ্যুৎ বৰুণ শৰ্মা

Share
Published by
ড° বিদ্যুৎ বৰুণ শৰ্মা

Recent Posts

টি-২০ বিশ্বকাপ ২০২৬: সুযোগৰ অপেক্ষাত Riyan Parag ? আজিৰ ৱাৰ্ম-আপ মেচে ভাগ্য সলনি কৰিব নেকি অসম সন্তানৰ?

আজিৰ দিনটো অসমৰ লাখ লাখ ক্ৰিকেট অনুৰাগীৰ বাবে কেৱল এটা সাধাৰণ দিন নহয়, ই যেন…

2 months ago

কেন্দ্ৰীয় বাজেট(Union Budget 2026):পূৰ্বোত্তৰলৈ আশাৰ বতৰা

সমাগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এইবাৰৰ কেন্দ্ৰীয় বাজেট(Union Budget 2026)-এ নতুন…

2 months ago

অসম পেট্ৰ’কেমিকেল(APL) আৰু দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ মাজত ঐতিহাসিক বুজাবুজি চুক্তি

ক্ৰমান্বয়ে প্ৰগতিৰ পথত আগবাঢ়িছে অসমৰ উদ্যোগ খণ্ড । সময়ৰ সৈতে খোজ মিলাই, আত্মবিশ্বাস আৰু ইতিবাচক…

2 months ago

আকাশত নতুন ইতিহাস: ৰুদ্ৰ যুদ্ধবিমান উৰুওৱা প্ৰথমগৰাকী মহিলা পাইলট কেপ্তেইন হংসজা শৰ্মা(Captain Hansja Sharma)

ভাৰতৰ আকাশত ন ইতিহাস!জম্মুৰ এটা সাধাৰণ পৰিয়ালৰ ছোৱালী কেপ্তেইন হংসজা শৰ্মা(Captain Hansja Sharma )ই ভাৰতীয়…

2 months ago

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডাভ’ছ ভ্ৰমণ: বিশ্ব অৰ্থনীতিৰ মানচিত্ৰত অসমক প্ৰতিষ্ঠা কৰাৰ এক কৌশলগত প্রয়াস

ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চ (World Economic Forum - WEF) ৰ বৈঠকত অসমৰ মুখ্যমন্ত্ৰী…

2 months ago

সুখবৰ! অচিৰেই নেটফ্লিক্স(Netflix)ত চোৱাৰ সুযোগ পাব Dhurandhar

চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে সুখবৰ।যোৱা বৰ্ষৰ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভৰ সময়ৰপৰাই এটাৰ পাছত আন এটা অভিলেখ ভংগেৰে…

2 months ago