মনোৰঞ্জন

স্মৃতি মান্ধানাৰ বিয়া ভগাৰ প্ৰকৃত কাৰণ ? পলাস মুচ্ছালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগে সৃষ্টি কৰিছে চাঞ্চল্য

ভাৰতীয় ক্ৰিকেট জগতৰ অন্যতম উজ্জ্বল তাৰকা স্মৃতি মান্ধানা (Smriti Mandhana)ৰ বিয়াৰ খবৰে যোৱা বছৰৰ শেষৰ ফালে অনুৰাগীসকলক যথেষ্ট উৎসাহিত কৰি তুলিছিল। সংগীত পৰিচালক পলাস মুচ্ছালৰ (Palash Muchhal) সৈতে তেওঁৰ মধুৰ সম্পৰ্কই বিশেষ চৰ্চা লাভ কৰিছিল। কিন্তু হঠাৎ বিয়াখন ভগাক লৈ সৰ্বত্ৰ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। শেহতীয়াকৈ ইয়াৰ আঁৰৰ কাৰণ পোহৰলৈ আহিছে।

সেই খবৰে কেৱল স্মৃতিৰ পৰিয়ালকে নহয়, বৰঞ্চ ক্ৰিকেট প্ৰেমীসকলক স্তম্ভিত কৰি তুলিছে। এগৰাকী সফল খেলুৱৈৰ ব্যক্তিগত জীৱনলৈ অহা এই ধুমুহাই এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।

Smriti Mandhana আৰু পলাসৰ বিচ্ছেদ: আৱেগ নে বিশ্বাসঘাতকতা?

Smriti Mandhana Marriage Controversy: বিশ্বাসঘাতকতা আৰু প্ৰৱঞ্চনাৰ চাঞ্চল্যকৰ অভিযোগ

প্ৰথমতে খবৰ আহিছিল যে স্মৃতিৰ দেউতাকৰ অসুস্থতাৰ বাবে ২৩ নৱেম্বৰত হ’বলগীয়া বিবাহখন স্থগিত ৰখা হৈছে। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা তথ্যই এক বেলেগ কাহিনীহে কৈছে। অভিনেতা তথা প্ৰযোজক বিদ্যান মানেই (Vidnyan Mane) সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা এটা কথাই সকলোকে আচৰিত কৰি তুলিছে।

তেওঁৰ মতে, বিয়াৰ উদযাপন চলি থকাৰ মাজতে পলাসক আন এগৰাকী যুৱতীৰ সৈতে আপত্তিজনক অৱস্থাত ধৰা পেলোৱা হৈছিল। বিদ্যানৰ এই বিষ্ফোৰক অভিযোগ অনুসৰি, এই ঘটনাৰ পাছত তাত উপস্থিত থকা একাংশ মহিলা ক্ৰিকেটাৰে খঙত পলাসক প্ৰহাৰ কৰিছিল। এয়া যদি সঁচা হয়, তেন্তে ই স্মৃতিৰ দৰে এগৰাকী আত্মসন্মানী যুৱতীৰ বাবে কিমান বেদনাদায়ক হ’ব পাৰে, সেয়া সহজেই অনুমেয়।

ALSO READ |ভাৰতত মিউচুৱেল ফান্ডৰ প্রতি সজাগতা বঢ়াৰ সমানুপাতে বাঢ়িছেনে বিনিয়োগ? Sebi Survey 2025 ৰ প্ৰতিবেদনে উদঙাইছে কেতবোৰ গুৰুত্বপূৰ্ণ দিশ

প্ৰৱঞ্চনাৰ জাল নে ব্যক্তিগত শত্ৰুতা?

কেৱল ব্যক্তিগত জীৱনৰ কেলেংকাৰীয়েই নহয়, পলাস মুচ্ছালৰ বিৰুদ্ধে এতিয়া ৪০ লাখ টকাৰ প্ৰৱঞ্চনাৰ অভিযোগো উঠিছে। বিদ্যান মানেই দাবী কৰিছে যে তেওঁ স্মৃতিৰ বাল্যবন্ধু হোৱা হেতুকে পলাসক বিশ্বাস কৰিছিল আৰু এখন চিনেমাৰ বাবে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিছিল।

কিন্তু কাম সম্পূৰ্ণ নোহোৱাত যেতিয়া তেওঁ ধন ঘূৰাই বিচাৰিছিল, তেওঁক পলাসৰ পৰিয়ালে মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে ব্লেকমেইল কৰা বুলিও  মানেই অভিযোগ কৰিছে। পলাসৰ পৰিয়ালে অৱশ্যে এই সকলোবোৰ অভিযোগ মিছা বুলি দাবী কৰিছে।

Smriti Mandhana: অনুৰাগীৰ মৰম আৰু সমৰ্থন

বিশ্বাসঘাতকতা আৰু প্ৰৱঞ্চনাৰ চাঞ্চল্যকৰ অভিযোগ

স্মৃতি মান্ধানা সদায় তেওঁৰ সৰলতা আৰু দৃঢ় ব্যক্তিত্বৰ বাবে পৰিচিত। জীৱনৰ এই কঠিন সময়ত তেওঁ মৌনতা অৱলম্বন কৰিছে যদিও, তেওঁৰ অনুৰাগীসকলে বিচাৰে যাতে তেওঁ এই দুখৰ পৰা সোনকালে পৰিত্ৰাণ লাভ কৰি  খেলপথাৰত মনোনিৱেশ কৰে।

এই কথা পোহৰলৈ অহাৰ লগে লগে এফালে যিদৰে পলাসৰ প্ৰতি  খঙত ফাটি পৰিছে, আনফালে স্মৃতিৰ প্ৰতি হাজাৰ হাজাৰ অনুৰাগীৰ মৰম আৰু সমৰ্থন উথলি উঠিছে। সত্য যিয়েই নহওক, এয়া স্পষ্ট যে এগৰাকী সহজ সৰল ছোৱালীৰ আৱেগৰ সৈতে খেলাটো কোনেও সহজভাৱে গ্ৰহণ কৰা নাই।

Disclaimer (সতৰ্কবাণী):

এই প্ৰতিবেদন ছচিয়েল মিডিয়া আৰু বিভিন্ন  মাধ্যমত প্ৰকাশিত তথ্যৰ ওপৰত ভিত্তি কৰি যুগুত কৰা হৈছে। এই অভিযোগসমূহৰ সত্যতাৰ বিষয়ে আমি কোনো  নিশ্চয়তা দিব নোৱাৰো। আইনী প্ৰক্ৰিয়াৰ পাছতহে সত্য সম্পূৰ্ণৰূপে পোহৰলৈ আহিব।

প্ৰণীতা

Recent Posts

টি-২০ বিশ্বকাপ ২০২৬: সুযোগৰ অপেক্ষাত Riyan Parag ? আজিৰ ৱাৰ্ম-আপ মেচে ভাগ্য সলনি কৰিব নেকি অসম সন্তানৰ?

আজিৰ দিনটো অসমৰ লাখ লাখ ক্ৰিকেট অনুৰাগীৰ বাবে কেৱল এটা সাধাৰণ দিন নহয়, ই যেন…

2 months ago

কেন্দ্ৰীয় বাজেট(Union Budget 2026):পূৰ্বোত্তৰলৈ আশাৰ বতৰা

সমাগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এইবাৰৰ কেন্দ্ৰীয় বাজেট(Union Budget 2026)-এ নতুন…

2 months ago

অসম পেট্ৰ’কেমিকেল(APL) আৰু দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ মাজত ঐতিহাসিক বুজাবুজি চুক্তি

ক্ৰমান্বয়ে প্ৰগতিৰ পথত আগবাঢ়িছে অসমৰ উদ্যোগ খণ্ড । সময়ৰ সৈতে খোজ মিলাই, আত্মবিশ্বাস আৰু ইতিবাচক…

2 months ago

আকাশত নতুন ইতিহাস: ৰুদ্ৰ যুদ্ধবিমান উৰুওৱা প্ৰথমগৰাকী মহিলা পাইলট কেপ্তেইন হংসজা শৰ্মা(Captain Hansja Sharma)

ভাৰতৰ আকাশত ন ইতিহাস!জম্মুৰ এটা সাধাৰণ পৰিয়ালৰ ছোৱালী কেপ্তেইন হংসজা শৰ্মা(Captain Hansja Sharma )ই ভাৰতীয়…

2 months ago

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডাভ’ছ ভ্ৰমণ: বিশ্ব অৰ্থনীতিৰ মানচিত্ৰত অসমক প্ৰতিষ্ঠা কৰাৰ এক কৌশলগত প্রয়াস

ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চ (World Economic Forum - WEF) ৰ বৈঠকত অসমৰ মুখ্যমন্ত্ৰী…

2 months ago

সুখবৰ! অচিৰেই নেটফ্লিক্স(Netflix)ত চোৱাৰ সুযোগ পাব Dhurandhar

চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে সুখবৰ।যোৱা বৰ্ষৰ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভৰ সময়ৰপৰাই এটাৰ পাছত আন এটা অভিলেখ ভংগেৰে…

2 months ago