টি-২০ বিশ্বকাপ ২০২৬: সুযোগৰ অপেক্ষাত Riyan Parag ? আজিৰ ৱাৰ্ম-আপ মেচেই ভাগ্য সলনি কৰিব নেকি অসম সন্তানৰ?

আজিৰ ৱাৰ্ম-আপ মেচ ৰিয়ান(Riyan Parag)ৰ অগ্নিপৰীক্ষা

আজিৰ দিনটো অসমৰ লাখ লাখ ক্ৰিকেট অনুৰাগীৰ বাবে কেৱল এটা সাধাৰণ দিন নহয়, ই যেন এক অধীৰ প্ৰতীক্ষাৰ অন্ত পেলাব পৰা মাহেন্দ্ৰক্ষণ। আজি ৰিয়ান পৰাগ(Riyan Parag) সন্নিৱিষ্ট ইণ্ডিয়া এ দলৰ  ৱাৰ্ম-আপ মেচ আৰম্ভ হোৱাৰ লগে লগে প্ৰতিজন অসমীয়াৰ হৃদস্পন্দন বাঢ়ি যাব । কিয়নো এই ৱাৰ্ম-আপ মেচকেইখনে বহুখিনি নিৰ্ণয় কৰিব  আই পি এলকে ধৰি বিভিন্ন টু্ৰ্ণামেণ্টত … Read more

কেন্দ্ৰীয় বাজেট(Union Budget 2026):পূৰ্বোত্তৰলৈ আশাৰ বতৰা

কেন্দ্ৰীয় বাজেট(Union Budget 2026):পূৰ্বোত্তৰলৈ আশাৰ বতৰা

সমাগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এইবাৰৰ কেন্দ্ৰীয় বাজেট(Union Budget 2026)-এ নতুন আশাৰ বতৰা লৈ আহিছে। উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ বাবে উন্নয়ন, সংযোগ আৰু সমৃদ্ধিৰ নতুন দুৱাৰ মুকলি কৰি এই বাজেটে ভৱিষ্যতৰ দিশে আগবঢ়াৰ সংকেত দিছে। পূৰ্বোদয় (Purvodaya) দৃষ্টিভংগী কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে পূৰ্বোদয়  (Purvodaya) দৃষ্টিভংগীৰ কথা উল্লেখ কৰি পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলক … Read more

অসম পেট্ৰ’কেমিকেল(APL) আৰু দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ মাজত ঐতিহাসিক বুজাবুজি চুক্তি

অসম পেট্ৰ'কেমিকেল(APL) আৰু দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি

ক্ৰমান্বয়ে প্ৰগতিৰ পথত আগবাঢ়িছে অসমৰ উদ্যোগ খণ্ড । সময়ৰ সৈতে খোজ মিলাই, আত্মবিশ্বাস আৰু ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়ি গৈছে অসমৰ কোম্পানীসমূহ। সেই যাত্ৰাৰেই এক সবল সহযাত্ৰীৰূপে আত্মপ্ৰকাশ কৰিছে অসম পেট্ৰ’কেমিকেল(APL)-এ। দেশৰ পশ্চিম প্ৰান্তৰ গুজৰাটৰ কাণ্ডলা বন্দৰ(দীনদয়াল বন্দৰ)ত ১২০০ কোটি টকাৰ বৃহৎ বিনিয়োগেৰে মিথানল উৎপাদনৰ ভেটী স্থাপন কৰাৰ লক্ষৰে কালি ডিব্ৰুগড়ত স্বাক্ষৰিত হ’ল এক ঐতিহাসিক বুজাবুজি চুক্তি।অসম … Read more

আকাশত নতুন ইতিহাস: ৰুদ্ৰ যুদ্ধবিমান উৰুওৱা প্ৰথমগৰাকী মহিলা পাইলট কেপ্তেইন হংসজা শৰ্মা(Captain Hansja Sharma)

আকাশত নতুন ইতিহাস: ৰুদ্ৰ যুদ্ধবিমান উৰুওৱা প্ৰথমগৰাকী মহিলা পাইলট কেপ্তেইন হংসজা শৰ্মা(Captain Hansja Sharma)

ভাৰতৰ আকাশত ন ইতিহাস!জম্মুৰ এটা সাধাৰণ পৰিয়ালৰ ছোৱালী কেপ্তেইন হংসজা শৰ্মা(Captain Hansja Sharma )ই ভাৰতীয় সেনাৰ প্ৰথমগৰাকী মহিলা পাইলট হিচাপে ‘ৰুদ্ৰ’ যুদ্ধবিমান উৰুৱাই ৰচিলে এই সোণালী ইতিহাস। ভাৰতীয় সেনাৰ আটাইতকৈ শক্তিশালী আৰু মাৰাত্মক ‘ৰুদ্ৰ’ (Rudra) আৰ্মড হেলিকপ্টাৰৰ ককপিটত বহি তেওঁ প্ৰমাণ কৰিলে যে প্ৰতিভা, দক্ষতা কিম্বা সাহস থাকিলে সকলো সম্ভৱ। প্ৰত্যাহ্বান নেওচি আকাশী যুদ্ধলৈ ২৭ … Read more

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডাভ’ছ ভ্ৰমণ: বিশ্ব অৰ্থনীতিৰ মানচিত্ৰত অসমক প্ৰতিষ্ঠা কৰাৰ এক কৌশলগত প্রয়াস

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডাভ’ছ ভ্ৰমণ: বিশ্ব অৰ্থনীতিৰ মানচিত্ৰত অসমক প্ৰতিষ্ঠা কৰাৰ এক কৌশলগত প্রয়াস

ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চ (World Economic Forum – WEF) ৰ বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma)ৰ শেহতীয়া অংশগ্ৰহণে ৰাজ্যখনৰ অৰ্থনৈতিক ইতিহাসত এক নতুন মাত্ৰা সংযোগ কৰিছে। বিশ্বৰ প্ৰভাৱশালী ৰাজনৈতিক নেতা, শীৰ্ষ উদ্যোগপতি আৰু নীতি-নিৰ্ধাৰকসকলৰ এই মহামিলনত অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতি কেৱল এটা চৰকাৰী ভ্ৰমণৰ অংশ নাছিল, বৰঞ্চ এয়া আছিল ৰাজ্যখনক … Read more

সুখবৰ! অচিৰেই নেটফ্লিক্স(Netflix)ত চোৱাৰ সুযোগ পাব Dhurandhar

অচিৰেই নেটফ্লিক্স(Netflix)ত চোৱাৰ সুযোগ পাব Dhurandhar

চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে সুখবৰ।যোৱা বৰ্ষৰ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভৰ সময়ৰপৰাই এটাৰ পাছত আন এটা অভিলেখ ভংগেৰে সৰ্বত্ৰ খলকনি তোলা আদিত্য ধৰ পৰিচালিত ব্লকবাষ্টাৰ ‘ধূৰন্ধৰ’( Dhurandhar) অচিৰেই আপোনাৰ হাতৰ স্মাৰ্টফোনটোতে উপলভ্য হ’ব। নেটফ্লিক্স (Netflix)ত মুক্তি আৰু উপাৰ্জনৰ অভিলেখ শেহতীয়া খবৰ অনুসৰি, ৰণবীৰ সিঙৰ এই জনপ্ৰিয় স্পাই থ্ৰিলাৰখন অহা ৩০ জানুৱাৰীৰপৰা জনপ্ৰিয় অ’টিটি প্লেটফৰ্ম নেটফ্লিক্স (Netflix)ত চাব পৰা … Read more

দিল্লীৰ কৰ্তব্য পথত উজলিল আশাৰীকান্দিৰ টেৰাকোটা শিল্প : ভাৰতীয় সেনাৰ অপৰিসীম সাহস-শক্তিৰ অভূতপূৰ্ব প্ৰদৰ্শন

গণৰাজ্য দিৱস (Republic Day)ত উজলিল আশাৰীকান্দিৰ টেৰাকোটা শিল্প : ভাৰতীয় সেনাৰ অপৰিসীম সাহস-শক্তিৰ অভূতপূৰ্ব প্ৰদৰ্শন

আজিৰ দিনটো প্ৰতিগৰাকী অসমীয়াৰ লগতে প্ৰতিজন ভাৰতীয়ৰ বাবে এক বিৰল আনন্দ আৰু গৌৰৱৰ দিন। নতুন দিল্লীৰ কৰ্তব্য পথত আজি অনুষ্ঠিত ৭৭ সংখ্যক গণৰাজ্য দিৱস(Republic Day)ৰ অনুষ্ঠানত যি মুহূৰ্তত হাজাৰ হাজাৰ লোকৰ সমুখেৰে অসমৰ প্ৰতীকপট(tableau)আগবাঢ়িছিল, তেতিয়া  কেৱল এটা প্ৰতীকপট যেন পাৰ হৈ যোৱা নাছিল, বৰঞ্চ সমগ্ৰ দেশবাসীৰ আগেৰে পাৰ হৈ গৈছিল অসমৰ মাটিৰ সুবাস আৰু শতিকা … Read more

ইণ্ডিয়ান অইল(IOCL)ত ৩৯৪ টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন আহ্বান: কেনেকৈ আবেদন কৰিব, প্ৰয়োজনীয় অৰ্হতা কি? জানো আহক সবিশেষ।

IOCL Recruitment 2026: সপোনৰ চাকৰি নে সাময়িক আশাৰ ৰেঙণি?

অসমৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা সুখবৰ।  ভাৰত চৰকাৰৰ অধীনস্থ অগ্ৰণী প্ৰতিষ্ঠান ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেড চমুকৈ IOCL এ নিবনুৱা যুৱক-যুৱতীসকললৈ আগবঢ়াইছে এক সোণালী সুযোগ।বর্তমানৰ কঠিন প্রতিযোগিতামূলক সময়ত এনে এটা  ভাল প্ৰতিষ্ঠানত কাম শিকাৰ সুযোগ পোৱাটো সঁচাকৈয়ে সৌভাগ্যৰ কথা। IOCL Recruitment 2026: সপোনৰ চাকৰি নে সাময়িক সকাহ ? ইণ্ডিয়ান অইলৰ পাইপলাইন ডিভিজনে অসমৰ লগতে আন কেইবাখনো … Read more

স্মৃতি মান্ধানাৰ বিয়া ভগাৰ প্ৰকৃত কাৰণ ? পলাস মুচ্ছালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগে সৃষ্টি কৰিছে চাঞ্চল্য

স্মৃতি মান্ধানাৰ বিয়া ভগাৰ প্ৰকৃত কাৰণ ? পলাস মুচ্ছালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

ভাৰতীয় ক্ৰিকেট জগতৰ অন্যতম উজ্জ্বল তাৰকা স্মৃতি মান্ধানা (Smriti Mandhana)ৰ বিয়াৰ খবৰে যোৱা বছৰৰ শেষৰ ফালে অনুৰাগীসকলক যথেষ্ট উৎসাহিত কৰি তুলিছিল। সংগীত পৰিচালক পলাস মুচ্ছালৰ (Palash Muchhal) সৈতে তেওঁৰ মধুৰ সম্পৰ্কই বিশেষ চৰ্চা লাভ কৰিছিল। কিন্তু হঠাৎ বিয়াখন ভগাক লৈ সৰ্বত্ৰ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। শেহতীয়াকৈ ইয়াৰ আঁৰৰ কাৰণ পোহৰলৈ আহিছে। সেই খবৰে কেৱল স্মৃতিৰ পৰিয়ালকে … Read more

ভাৰতত মিউচুৱেল ফান্ডৰ প্রতি সজাগতা বঢ়াৰ সমানুপাতে বাঢ়িছেনে বিনিয়োগ? Sebi Survey 2025 ৰ প্ৰতিবেদনে উদঙাইছে কেতবোৰ গুৰুত্বপূৰ্ণ দিশ

Sebi Survey 2025 ৰ প্ৰতিবেদনে উদঙাইছে কেতবোৰ গুৰুত্বপূৰ্ণ দিশ

সম্প্রতি আমাৰ দেশত  মফচলৰ পৰা মহানগৰলৈকে সঘনাই শুনা এটা  শব্দ হৈছে Investment  বা বিনিয়োগ। ইন্টাৰনেটৰ প্রসাৰ আৰু  স্মার্টফোনৰ বহুল  ব্যবহাৰে শ্বেয়াৰ বজাৰৰ জটিল কথাবোৰ  যেন ক্ৰমান্বয়ে অতি সহজ কৰি তুলিছে । কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা Sebi Survey 2025 ৰ প্ৰতিবেদনে উদঙাইছে কেতবোৰ গুৰুত্বপূৰ্ণ দিশ। এসময়ত ভাৰতীয়সকলৰ বাবে সঞ্চয় মানেই আছিল সোণ বা বেংকৰ ফিক্সড ডিপ’জিট। … Read more