ভাৰতৰ আকাশত ন ইতিহাস!জম্মুৰ এটা সাধাৰণ পৰিয়ালৰ ছোৱালী কেপ্তেইন হংসজা শৰ্মা(Captain Hansja Sharma )ই ভাৰতীয় সেনাৰ প্ৰথমগৰাকী মহিলা পাইলট হিচাপে ‘ৰুদ্ৰ’ যুদ্ধবিমান উৰুৱাই ৰচিলে এই সোণালী ইতিহাস। ভাৰতীয় সেনাৰ আটাইতকৈ শক্তিশালী আৰু মাৰাত্মক ‘ৰুদ্ৰ’ (Rudra) আৰ্মড হেলিকপ্টাৰৰ ককপিটত বহি তেওঁ প্ৰমাণ কৰিলে যে প্ৰতিভা, দক্ষতা কিম্বা সাহস থাকিলে সকলো সম্ভৱ।
প্ৰত্যাহ্বান নেওচি আকাশী যুদ্ধলৈ

২৭ বছৰীয়া কেপ্তেইন হংসজা শৰ্মা(Captain Hansja Sharma)ই ভাৰতীয় সেনাৰ প্ৰথমগৰাকী মহিলা পাইলট হিচাপে ‘ৰুদ্ৰ’ যুদ্ধবিমান উৰুৱাৰ পূৰ্ণ অৰ্হতা অৰ্জন কৰি এক নতুন যুগৰ সূচনা কৰিছে। ২০২৬ চনৰ সেনা দিৱসৰ পেৰেডত তেওঁ ৰাজস্থানত ২৫১ আৰ্মী এভিয়েশ্যন স্কোয়াড্ৰনৰ নেতৃত্ব দিয়াটো এটা মাত্ৰ সামৰিক কুচকাৱাজ নাছিল, সেয়া আছিল এক পৰিবৰ্তনৰ ছন্দ, যিয়ে প্ৰমাণ কৰিছিল যে ভাৰতীয় নাৰী আজি দেশৰ ফ্ৰণ্টলাইন কম্বেট বা সন্মুখ-সমৰত দায়িত্ব ল’বলৈ সম্পূৰ্ণ সাজু।
কঠোৰ সংগ্ৰাম আৰু জয়ৰ বাসনা
হংসজাৰ এই যাত্ৰা একেবাৰেই সহজ নাছিল। সেনাত ভৰ্তিৰ সময়ত তেওঁ এবাৰ শাৰীৰিক কাৰণত (Medical Rejection) প্ৰত্যাখ্যানৰ সন্মুখীন হৈছিল। যি সময়ত বহুতে হাৰ মানিলেহেঁতেন, হংসজাই সেই সময়তে নিজৰ কোঠাৰ দেৱালত লিখি লৈছিল, “নিজৰ প্ৰতি কঠোৰ হোৱা”।
কোনো কোচিং অবিহনে, কেৱল আত্মবিশ্বাস আৰু অনুশাসনৰ বলত তেওঁ পুনৰ সাজু হৈছিল আৰু মাত্ৰ কেইটামান সপ্তাহৰ ভিতৰতে সকলো বাধা অতিক্ৰম কৰি সেনাত ভৰ্তি হ’ব পাৰিছিল। তেওঁৰ মাতৃ তথা জ্যেষ্ঠ সাংবাদিক ৰাশ্মী শৰ্মাই গৌৰৱেৰে এই সন্দৰ্ভত কয় যে হংসজাই কেতিয়াও সহজ পথ নিবিচাৰিছিল, তেওঁ সদায় কঠিন প্ৰত্যাহ্বানহে ভাল পাইছিল।
সফলতাৰ মুকুট: ছিলভাৰ চিটা ট্ৰফী

নাছিকৰ কম্বেট আৰ্মী এভিয়েশ্যন ট্ৰেইনিং স্কুলত প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ সময়ত হংসজাই আন এক ইতিহাস ৰচনা কৰে। তেওঁ পাঠ্যক্ৰমত শীৰ্ষ স্থান দখল কৰাৰ লগতে শ্ৰেষ্ঠ কম্বেট এভিয়েটৰৰ বাবে প্ৰদান কৰা ‘ছিলভাৰ চিটা ট্ৰফী’ লাভ কৰা প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হয়।তেওঁ বায়ুসেনা একাডেমীৰ এয়াৰ ট্ৰেফিক মেনেজমেণ্ট ক’ৰ্চতো তেওঁ প্ৰথম স্থান লাভ কৰি নিজৰ মেধাৰ পৰিচয় দিছে।
কিয় বিশেষ এই ৰুদ্ৰ(Rudra) হেলিকপ্টাৰ?
‘ৰুদ্ৰ’ হ’ল ভাৰতৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এক শক্তিশালী যুদ্ধবিমান। ইয়াক বিশেষকৈ দুৰ্গম পাহাৰীয়া অঞ্চল আৰু অতি উচ্চতাত অভিযান চলাবলৈ সাজু কৰা হৈছে। সন্ত্ৰাসবাদ বিৰোধী অভিযানেই হওক বা শত্ৰু পক্ষক আকাশৰ পৰা সঠিক লক্ষ্যৰে আক্ৰমণ কৰাই হওক, ৰুদ্ৰই ভাৰতীয় সেনাক এক নতুন শক্তি প্ৰদান কৰিছে। এতিয়া এই বিশাল শক্তিৰ নিয়ন্ত্ৰণ এগৰাকী সাহসী মহিলাৰ হাতত থকাটোৱে পৰিৱৰ্তিত চিন্তাধাৰাৰ পৰিচয় দিছে।
এক নতুন যুগৰ আৰম্ভণি
কেপ্তেইন হংসজা শৰ্মা(Captain Hansja Sharma)ৰ এই সাফল্যই এটা কথা স্পষ্ট কৰিছে যে ভাৰতীয় সেনাত এতিয়া যোগ্যতাৰহে গুৰুত্ব বেছি। আজিৰ মহিলাসকলে কেৱল সহায়কাৰীৰ ভূমিকা নহয়, বৰঞ্চ ৰণক্ষেত্ৰৰ আটাইতকৈ বিপজ্জনকৰূপে পৰিগণিত দায়িত্ববোৰো অতি নিপুণতাৰে পালন কৰিব পাৰে। জম্মুৰপৰা ৰুদ্ৰৰ ককপিটলৈ হংসজাৰ এই উৰণে প্ৰতিটো ঘৰৰ কন্যা শিশুটিক যেন চিঞৰি চিঞৰি কৈছে :”তুমি সপোন দেখা, আকাশখন তোমাৰ বাবেও মুকলি।”
Disclaimer:
এই প্ৰতিবেদন ৰাজহুৱা তথ্য,চৰকাৰী বিবৃতি আদিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। ইয়াৰ উদ্দেশ্য কেৱল তথ্য প্ৰদান আৰু জনসচেতনতা সৃষ্টি কৰা। যিকোনো চৰকাৰী নীতি বা নিযুক্তি সম্পৰ্কীয় সিদ্ধান্তৰ বাবে সংশ্লিষ্ট চৰকাৰী বা সামৰিক বিভাগৰ তথ্যকহে চূড়ান্ত বুলি গণ্য কৰা উচিত।