সমাগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এইবাৰৰ কেন্দ্ৰীয় বাজেট(Union Budget 2026)-এ নতুন আশাৰ বতৰা লৈ আহিছে। উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ বাবে উন্নয়ন, সংযোগ আৰু সমৃদ্ধিৰ নতুন দুৱাৰ মুকলি কৰি এই বাজেটে ভৱিষ্যতৰ দিশে আগবঢ়াৰ সংকেত দিছে।
পূৰ্বোদয় (Purvodaya) দৃষ্টিভংগী
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে পূৰ্বোদয় (Purvodaya) দৃষ্টিভংগীৰ কথা উল্লেখ কৰি পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলক দেশৰ উন্নয়ন যাত্ৰাৰ মূল অংশীদাৰ হিচাপে বৰ্ণনা কৰিছে। দুৰ্গাপুৰক সংযোগ কৰি পূব উপকূল অৰ্থনৈতিক কৰিড’ৰ (East Coast Economic Corridor) গঢ়ি তোলাৰ প্ৰস্তাৱে এই অঞ্চলত উদ্যোগ আৰু কৰ্মসংস্থাপনৰ নতুন দুৱাৰ মুকলি কৰিব।
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত পাঁচটা নতুন পৰ্যটন কেন্দ্ৰ গঢ়ি তোলাৰ ঘোষণা পৰ্যটন উদ্যোগৰ বাবে এটা সুখবৰ। ই কেৱল অৰ্থনীতি শক্তিশালী কৰাই নহয়, বৰঞ্চ স্থানীয় লোকৰ জীৱিকাৰ পথো মুকলি কৰিব।
আজিৰ বাজেট(Union Budget 2026)ত অসমলৈ প্ৰথমটো উপহাৰ ঘোষণা কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে কয় যে তেজপুৰৰ মানসিক স্বাস্থ্য উন্নয়ন কেন্দ্ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নত কৰা হ’ব। তদুপৰি উত্তৰ-পূবৰ ৫ ৰাজ্যত স্থাপন কৰা হ’ব ৫টা অত্যাধুনিক পৰ্যটন কেন্দ্ৰ। উত্তৰ-পূবৰ বাবে ৪হাজাৰ ইলেক্ট্ৰিক বাছৰ উপহাৰ দিব কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ বাবে বিশেষ আঁচনি প্ৰস্তুত কৰা হৈছে।
ALSO READ |অসম পেট্ৰ’কেমিকেল(APL) আৰু দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ মাজত ঐতিহাসিক বুজাবুজি চুক্তি
বৌদ্ধ পৰম্পৰা সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ

উত্তৰ-পূৰ্বাঞ্চল কেৱল এটা ভৌগোলিক অঞ্চলেই নহয়, বৰঞ্চ এই অঞ্চলটো সভ্যতা আৰু আধ্যাত্মিক ঐতিহ্যৰ কেন্দ্ৰস্থল। উত্তৰ-পূৰ্বাঞ্চলক থেৰবাদ আৰু মহাযান-বজ্ৰযান বৌদ্ধ পৰম্পৰাৰ ঐতিহাসিক মিলনস্থল হিচাপে গণ্য কৰা হয়।। এই ঐতিহ্যৰ সংৰক্ষণৰ লগতে বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে এইবাৰৰ কেন্দ্ৰীয় বাজেট(Union Budget 2026)ত বৌদ্ধ চাৰ্কিট উন্নয়ন প্ৰকল্প আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
কেন্দ্ৰীয় বাজেটত অৰুণাচল প্ৰদেশ, ছিকিম, অসম, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যক সামৰি এটা বৌদ্ধ চাৰ্কিট (Buddhist Circuit) গঠনৰ প্ৰস্তাৱ দিয়া হৈছে।
এই প্ৰকল্পৰ অধীনত প্ৰাচীন মঠ-মন্দিৰ আৰু বৌদ্ধ-বিহাৰসমূহ সংৰক্ষণ কৰাৰ লগতে তীৰ্থযাত্ৰীসকলৰ বাবে উন্নত যাতায়ত আৰু আন্তঃগাঁথনি নিৰ্মাণত গুৰুত্ব দিয়া হ’ব।
অসমৰ বাবে ইউৰিয়া কাৰখানা আৰু কৃষকৰ প্ৰতি সকাহ
অসমৰ নামৰূপত নতুন ইউৰিয়া কাৰখানা স্থাপনৰ প্ৰস্তাৱ কৃষকৰ বাবে এটা ডাঙৰ সকাহ। বছৰি ১২.৭ লাখ মেট্ৰিক টন উৎপাদন ক্ষমতা থকা এই কাৰখানাই ইউৰিয়া আমদানিৰ ক্ষেত্ৰত নিৰ্ভৰশীলতা কমাব আৰু কৃষিখণ্ডক অধিক শক্তিশালী কৰিব। ই আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰ সৈতে অসমকো সংযোগ কৰিছে।
(উড়াণ )UDAN আঁচনিৰে আকাশীপথ সংযোগৰ নতুন অধ্যায়
UDAN আঁচনিয়ে ইতিমধ্যে কোটি কোটি মধ্যবিত্ত লোকৰ বিমান যাত্ৰাৰ সপোন পূৰণ কৰিছে। সংশোধিত UDAN আঁচনিৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া আৰু অভিলাষী জিলাসমূহক সৰু বিমানবন্দৰ আৰু হেলিপেডেৰে সংযোগ কৰা হ’ব। ইয়াৰ ফলত ব্যৱসায়, পৰ্যটন আৰু জৰুৰী সেৱা অধিক সহজলভ্য হ’ব বুলি আশা কৰা হৈছে।
উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আশা আৰু প্ৰত্যাশা

এই বাজেটে উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ বাবে বহু ইতিবাচক সুযোগ লৈ আহিছে। অৱশ্যে বাস্তৱ ৰূপায়ণ আৰু সময়মতে কাম সম্পন্ন হ’লেহে এই বাজেট(Union Budget 2026) অসমৰ বাবে সুযোগ হিচাপে বিবেচিত হ’ব। তথাপি এইবাৰৰ বাজেটে এই অঞ্চলটোক দেশৰ মূল উন্নয়ন ধাৰাত আগবঢ়াই নিয়াৰ সংকল্পক প্ৰতিফলিত কৰিছে বুলি ক’ব পাৰি।
Disclaimer:
এই প্ৰবন্ধটো চৰকাৰীভাৱে প্ৰকাশিত তথ্য আৰু বাজেট(Union Budget 2026)ঘোষণাৰ আধাৰত লিখা হৈছে। নীতিগত পৰিবৰ্তন আৰু বাস্তৱ ৰূপায়ণ সময় অনুসৰি ভিন্ন হ’ব পাৰে। পাঠকে কোনো সিদ্ধান্ত লোৱাৰ আগতে আন প্ৰামাণিক উৎসৰ সৈতে তথ্য মিলাই চোৱা উচিত।